মোৰ দৰে মানুহবোৰ অকাৰনতে জীয়াই আছো৷ জীয়াই থাকিলে হালৰ হলেও ফালৰ হলেওঁ হোৱা উচিত৷ জীৱনে একো নিদিলে! দিছে দুখ সূখ মৰম চেনেহ সকলো অভিজ্ঞতা, সূখ অস্থায়ি দূখ স্থায়ি৷ মই দূখ বোৰকে বুকুত বান্ধি জীয়াই থাকিব শিকিছো… ৰাতি নিজান হ’লে দুখবোৰ বুকুৰে উজাই আহে, চিলনি সাতোৰে আৰু উজাই ভতিয়াই উদবাউল হয়___ দুচকুৰে ভেটা ভাঙি সৃস্টি কৰে দুকোল কটা বান ৷ জীৱনৰ সজ্ঞা এয়েই৷ ইমান অভিজ্ঞতা দিয়াৰ পিছতো জীৱন কি মই বুজি নুঠু___ ভাবিয়েই নাপাওঁ…… আৰু আপুনি??

No comments:
Post a Comment